চৰিত্ৰ by Dharitree Bhuyan Borah

2
730

 অ’ ৰাজুৰ মাক ঘৰত আছনে?
চিঁঞৰ এটা মাৰি সোমাই আহিল সৰুমাই মাহী…

অ’ সৰুমাই মাহী দেখুন আহক আহক…চোতালতে মুঢ়া দুটা উলিয়াই ৰাজুৰ মাকে এটাত মাহীক বহিবলৈ দি এটাত নিজেই বহি ল’লে…

সৰুমাই মাহী গাওঁখনৰ সকলোৰে বাবে মাহী বুলিয়েই জনাজাত..

এ এইফালে গৈছিলো বোলো দেখা এটা দি যাওঁ…তহতঁৰো খবৰ এটা লৈ যাওঁ…

ভালেই কৰিলে দিয়ক…এইবুলি কৈ ৰাজুৰ মাকে তামোল-পাণৰ বঁটাতো মাহীলৈ আগবঢ়াই দিলে…তামোল এখনকে খাই লওঁক মাহী চাহপানী অকনমান পিছত খাব…

এহ নালাগে দে সেই ৰঙা পানীখোপা…পি দিলেই শেষ…যিমানে খাবি সিমানে সৰুপানী চুব লাগে…তামোল এখন পকতিয়াই ল’লে মাহীয়ে…

এ তহঁতৰ কইনা নাই হ’বলা দেখাই নাই যে…

অ’ তাই আছে…চুৱা হৈছে আজি তিনিদিন…শুইছে অকনমান…

এই দিনতেই শুব লাগেনে নকইনাজনী হৈ…লাজ মান নাই অ’ আজিকালিৰ ছোৱালীমখাৰ…

এ মাহী কিয়নো তেনেকৈ কৈছে…ছোৱালীমানুহ অকনমান জিৰাইছে…তাতে আজি গোটেই অতাই পতাই বেচেৰি ভাগৰি পৰিছে…ক’তনো ইমান কাম কৰি পাইছিল মাকৰ ঘৰত…

থ থ হেৰ’ আমি কৰা নাছিলো আৰু…তই কিমান কাম কৰিছিলি ভাবিছাচোন…এতিয়া নিজৰ গাতো ধুলেও ভাগৰ লাগে অ’ গোসাঁনীহঁতৰ…

ৰাজুৰ মাকে একো নক’লে মাহী কথাত…মাহীৰ স্বভাৱ জানে তেওঁ….তেনেতে ৰাজু বাইকখন লৈ সোমাই আহিল…অ’ মাহীদৌ দেখুন…কেতিয়া আহিলে??

এ হ’ল ৰ অকনমান…তই ক’ৰবাত গৈছিলি হপায়…

অ’ অকনমান বজাৰ কেইটামান আছিল কৰি আনিলো…আপোনি বহক মই বস্তুকেইটা থৈ আহিছো…

অ’ যা যা…থৈয়ে আহিবি এথুন…নছোৱালী শুই আছে তই এই দিনদুপৰতে কোঠাত সোমাই থাকিব নালাগে…

কি যে কয় অ’ মাহীদৌ…নিজৰ ৰূমটোত সোমাবও নোৱাৰো এতিয়া…থক হে আওপুৰণি কথাবোৰ…বহক আপুনি…

দেখিলি নে ৰাজুৰ মাক মই কোৱা কথাটো এতিয়া আওঁপুৰণি হ’ল…আগতে আমি সেই শুই উঠি যি শোৱা কোঠাৰপৰা ওলালো সেইফালে একেবাৰে ৰাতি আজৰি হৈহে মুখ দিওঁ…কৃষ্ণ হে বুলিলো দেই…কলি যুগৰ ল’ৰা-ছোৱালী অ’ এইবোৰ…

অ’ মাহীদেও ভালনে আপোনাৰ…কেতিয়াবাই আহিল বোলে…মই গমেই নাপালো…ইমান টোপনি ধৰিছিল বিছনাত পৰোতেই চকু লাগিল…ৰাজুৰ কইনাই মাহীক মাত লগালে…

অ’ আই এইহেন গাভৰু মানুহজনীয়ে দিনদুপৰতে শুই আছ…লাজ মান শেষ কৰিলি হেৰ’…চুৱা ৰূমটোত গা ধুই সোমাই নাথাকিবি দিনত…সেইখন বিছনাত ৰাতিহে উঠিবি দেই…আজিকালিৰ তহঁতমখাই আকৌ কথাবোৰ নামান নহয়…সেইকাৰণে আদতে বাৰী হ’ব লগীয়া হয়…

কি কথা ক’লে এইষাৰ বুলি কইনাৰ চকুপানী ওলাল…ভিতৰত সোমালগৈ তাই…তাইক তেনেকৈ দেখি ৰাজুয়ে কি হ’ল তলকিবই নোৱাৰিলে…

সি চাদৰ ওপৰলৈ উঠি গৈ কাপোৰ কেইটা ভৰাই আনোতেই মাহীয়ে চিঞঁৰি উঠিল…অ’ ৰাজুৰ মাক শেষ অ’ তোৰ ঘৰ শেষ…এইবাৰ তোৰ ল’ৰায়ে ঘৈণীয়েকৰ পেটিকোট মেখেলা ভৰালে অ’…খালে অ’ খালে সব শেষ কৰিলে…

কিনো হ’ল অ’ মাহী…কিনো ডাঙৰ কাম হ’ল তাতে…তাই দেখুন তাৰ জাঙীয়া ধুই দিয়ে…ৰাজুৰ মাকে ক’লে..

অ’ আই শ্ৰী বিষ্টু দেই…হেৰ’ মতা মানুহে হেই মেখেলা পেটিকোট চুলে আয়ুস কমে নাজান নেকি তই…খালি দেই…আমি চাৰিটা ল’-পোৱালী পালো দেই আমাৰ এহেতৰ বাপেকে মৰাৰ দিনালৈকে মোৰ পেটিকোট মেখেলা চুই নাপালে দেও..

ৰাজুয়ে ভিতৰৰ পৰা আহি মাত লগালে…অ’ মাহীদৌ আপোনাৰ চৰিত্ৰ দেখুন বেয়া হে…গমেই পোৱা নাছিলো ইমান দিনে…

ৰাজু মনে মনে থাক…মাকে ধমক দিলে

কিয় মাহীয়ে নিজেই কৈছে শুনা নাই তই…নিজৰ গিৰিয়েকে বোলে পেটিকোট চুইয়ে নাপালে…তেন্তে সেই ল’ৰাকেইটা কাৰ বা…আৰু এটা কথা আপুনি ইমান নীতি-নিয়ম মানি বিধৱাৰ সাজ কিয় পিন্ধিবলগীয়া হ’ল অ’…

মাহীৰ মেলামুখ মেলা হৈয়ে থাকিল…
*******

 

Previous articleCrossroads!
Next articleHummingbird by Stefan Bohdan
Ode to a Poetess came into being during the lockdown. It's during the brimming rains of August when I felt the necessity that we, women need our very own platform where we can share our thoughts in literature, as is,unaltered. This is a only women portal that welcomes all format of literature, art and celebrates it's creator, the woman who's unique, who is art herself! _Monroe Gogoi Phukan Founder of Ode to a Poetess.

2 COMMENTS

  1. Hmm is anyone else encountering problems with the pictures on this blog loading?

    I’m trying to determine if its a problem on my
    end or if it’s the blog. Any suggestions would
    be greatly appreciated.

  2. Great beat ! I wish to apprentice at the same time as you amend your website, how can i subscribe for a weblog site?
    The account helped me a appropriate deal. I had been tiny bit acquainted
    of this your broadcast provided brilliant transparent concept

LEAVE A REPLY

Please enter your comment!
Please enter your name here