আঁচোৰ by Bidisha Mithi

0
116

বিষাদ বেদনাই আকৃষ্ট তাইৰ মুখ মণ্ডল,
কিন্তু পুৱাই হাঁহি এটি লৈ
আকৌ নিজকে সাজু কৰে ।
কোনো বিৰোধিতা নকৰে তাই
যদিও উমি উমি জ্বলি থাকে একোৰা জুই ।
সকলো সহি যায়;
সকলোৰে আশা বোৰ পূৰণ কৰাতে
বিৰিঙে তাইৰ প্ৰাপ্তিৰ হাঁহি ।
তাই আঁচোৰ বোৰ লুকুৱাই
তাইৰ চাদৰৰ ভাজত ।
তাই বুজিব খোজে,
প্ৰেম জানো বলপূৰ্বক ভাৱে আহৰণ কৰিব পাৰি ?
তাইৰ বাবে নিশা বোৰে কঢ়িয়াই আনে
পৈশাচিক যাতনা ।
অৰ্তনাদ বোৰো চাৰি বেৰৰ মাজত পৰি ৰয় ।
তাৰ বাবে সেইয়া হেনো মৰমৰ আঁচোৰ,
তাইৰ বাবে সেইয়া তাৰ পৈশাচিকতা চিন ।
দুগাল মচি তাই মলমবোৰ আঁচোৰত সানে,
আৰু যে প্ৰতিবাদৰ জুই কোৰা বেছিকৈ বাঢ়ে
কিন্তু অপ্ৰকাশ্যে ৰৈ যায় সংগোপনে ।

Previous articleI Am For You by Herbert Kharsyntiew
Next articleBidisha Mithi
Ode to a Poetess came into being during the lockdown. It's during the brimming rains of August when I felt the necessity that we, women need our very own platform where we can share our thoughts in literature, as is,unaltered. This is a only women portal that welcomes all format of literature, art and celebrates it's creator, the woman who's unique, who is art herself! _Monroe Gogoi Phukan Founder of Ode to a Poetess.

LEAVE A REPLY

Please enter your comment!
Please enter your name here