প্ৰেমৰ ঘড়ী by Prakritee Nazir

0
117

নভবাকৈয়ে ঘটি যায় ঘটনাবোৰ। পৰিস্থিতিৰ ওপৰত কিছুমান সময়ত আমাৰ নিয়ন্ত্ৰণ নাথাকে। কিছুদিনৰ পিছত আমাৰ বিয়া হোৱাৰ কথা আছিল। মোৰ আৰু অভীপ্সাৰ। কিন্তু এতিয়া আমি সম্পৰ্কটো ভাঙি পেলাবলৈ ওলাইছো। যোৱা কিছুদিনত কিছুমান অনাকাংখিত পৰিস্থিতি আমাৰ মাজত সোমাই দুয়োকে দুয়োৰ পৰা আঁতৰলৈ ঠেলিবলৈ ধৰিছিল। অভীপ্সাই অৱশ্যে আপ্ৰাণ চেষ্টা কৰিছিল আমাৰ মাজৰ বাঢ়ি অহা দূৰত্ব কমাবলৈ। দুহাতেৰে মোক খামুচি ধৰি নিজৰ কাষত ৰখাবলৈ কৰা তাইৰ চেষ্টা মই প্ৰাণপণে প্ৰতিৰোধ কৰিলো। জানিছিলোঁ তাই আঘাত পাব । মোৰো কষ্ট হব। কিন্তু নীনাই পোৱা জীৱনযোৰা যন্ত্ৰণাৰ তুলনাত এই আঘাত , এই কষ্ট তেনেই তুচ্ছ। অভীপ্সাই বুজি পালে নীনা মোৰ বাবে কি। নীনাৰ এধানি সুখ ,অলপ শান্তিৰ বাবে মই যে তাইক আৰু গোটেই পৃথিৱীখনকে ত্যাগ কৰিব পাৰোঁ সেয়া তাই জনা নাছিল চাগে। যেতিয়া জানিলে ,তাই নিজক সম্বৰণ কৰি মোৰ কাষৰ পৰা আঁতৰিবলৈ প্ৰস্তুত হল।
মনত পৰা দিনৰে পৰা মোৰ পৃথিৱীখন নীনাক কেন্দ্ৰ কৰিয়ে আবৰ্তিত হৈছিল। পুৱা সাৰ পায়েই নীনাৰ কোলাত উঠি বাথৰূমলৈ গৈছিলোঁ । নীনাই বনাই দিয়া গাখীৰ আৰু জলপান খাই স্কুললৈ যাবলৈ সাজু হৈছিলোঁ। মোক গা ধুৱাই দিয়াৰ পিছত নীনাই নিজে গা ধুইছিল। তেওঁৰ হাতত ধৰি স্কুললৈ যাওঁতে নীনাৰ সেমেকা দীঘল চুলিৰ পৰা এটোপ দুটোপ পানী মোৰ গালে মুখে পৰিছিল। মোক স্কুলত থৈ নীনা নিজে শিক্ষকতা কৰা কলেজখনলৈ গৈছিলগৈ। স্কুল চুটিৰ পিছত সদায় গেটৰ মুখত নীনা মোক নিবৰ বাবে ৰৈ আছিল। ঘৰত কাম কৰা ৰণ দা আছিল, আইতাও আছিল তেতিয়া। তথাপি সদায় নীনা মোক স্কুলৰ পৰা নিবলৈ আহিছিল। মোক ঘৰত থৈয়ে তেওঁ আকৌ লৰালৰিকৈ ক্লাছ কৰিবলৈ কলেজ পাইছিলগৈ। অলপ ডাঙৰ হোৱাৰ পিছত মোৰ মনলৈ প্ৰায়ে আহিছিল এটা প্ৰশ্ন। লগৰ আন লৰা ছোৱালীবোৰৰ দৰে মই নীনাক কিয় “মা” বুলি নামাতো। আইতাই মোক বুজাই কলে , নীনা আচলতে মোৰ মা নহয়, জেঠাইহে। মাৰ বায়েক। মোৰ জন্মৰ তিনি বছৰৰ পিছতে এটা দূৰ্ঘটনাত মোৰ মা ঢুকাইছিল। আইতাই তেওঁৰ পুৰণি এলবামটোৰ পৰা এখন ফটো উলিয়াই আনিছিল। ফটোখনত দুটি ডেকা গাভৰুয়ে হাঁহি আছিল। ডেকাজনক মই চিনি পাইছিলোঁ। সেয়া মোৰ দেউতা। বছৰত দুবাৰমান দেউতা ঘৰলৈ আহিছিল। বাকী সময়বোৰত তেওঁ কৰা আন্তৰ্জাতিক কোম্পানীটোৰ কামত দেশে বিদেশে ঘূৰি ফুৰিছিল। আহোঁতে তেওঁ মোলৈ বহুত খেলাবস্তু আৰু ঘৰৰ সকলোলৈকে উপহাৰ আনিছিল। আইতাই কৈছিল, দেউতাই বোলে বৰ ডাঙৰ কাম কৰে। বৰ ধনী মানুহ। দেউতা আহিলে দিনত আমাৰ লগত আহাৰ খাইছিল যদিও ৰাতি হোটেলতহে আছিল। তেওঁক লৈ কোনোদিনে বেছি উৎসাহিত আৰু আনন্দিত হোৱা মোৰ মনত নপৰে। কিন্তু তেওঁৰ লগত থকা ফটোখনৰ ধুনীয়া মানুহজনীলৈ চাই মোক বেজাৰে হেঁচা মাৰি ধৰিছিল। মোৰ দুখ মোৰ মাৰ মৃত্যুৰ বাবে লগা নাছিল, মোৰ দুখ লাগিছিল এই ভাবি যে নীনা মোৰ মা নহয়। নীনাক সকলোৱে নীলা বুলি মাতিছিল। মাৰ মৃত্যুৰ পিছতে মোক বুকুত সুমুৱাই লোৱা নীলাক মই আধাফুটা মাতেৰে “নীনা” বুলি মাতিছিলো। তেতিয়াৰে পৰা তেওঁ মোৰ নীনা হৈ ৰল। মোৰ মৰমৰ , চেনেহৰ , মোৰ হেপাঁহৰ নীনা।
কেতিয়াবা আইতাই নীনাক টানকৈ কথা কোৱা শুনিছিলোঁ। নীনাৰ সজল হৈ পৰা চকুলৈ চাই মোৰ আইতালৈ খং উঠিছিল,
” তুমি কিয় নীনাক গালি পাৰা?”
“তাইনো কিয় বিয়া নহয় !”,আইতাই উষ্মাৰে উত্তৰ দিছিল। মোৰ ভয় লাগিছিল। বিয়া হলে দেখোন নীনাক দৰাই লৈ যাব! মই কাৰ লগত থাকিম। মোৰ মুখলৈ চাই আইতাই যেন মোৰ মনৰ কথা বুজি পাইছিল।
” তোক চাবলৈ মই আছো নহয়”, আইতাই মোক আকোৱালি লৈ চুমা খাইছিল।আইতাৰ তামোল খোৱা মুখখনৰ গোন্ধটো মই বৰ বেয়া পাইছিলোঁ।তেওঁৰ কাষৰ পৰা দৌৰি পলাইছিলো । বহুত বছৰৰ পিছত যেতিয়া হাইস্কুলৰ ওপৰ শ্ৰেণী পাইছিলোঁগৈ , নীনাৰ বিয়া নোহোৱা কথাটো ছিৰিয়াছকৈ চিন্তা কৰিবলৈ লৈছিলোঁ। কেবাদিনো সোধাৰ পিছত এদিন আইতাই কৈছিল,নীনাৰ এজন প্ৰেমিক আছিল। দুইজনৰ মাজত বিয়াও ঠিক হৈছিল। কিন্ত এদিন নীনাই গম পালে তেওঁৰ প্ৰেমিকজন আন এগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত হৈছে। এই আকৰ্ষণ ইমানেই দুৰ্বাৰ আছিল যে নীনাৰ প্ৰেমিকে তেওঁক প্ৰত্যাখ্যান কৰি ইগৰাকী নাৰীক বিয়া কৰোৱাৰ সিদ্ধান্ত ললে। আহত , প্ৰত্যাখিত, অপমানিত নীনাই কিছুদিন নিজৰ লগত যুঁজিলে ।তাৰ পিছত সকলো মানি ললে। তেওঁৰ প্ৰেমিকৰ বিয়া হৈ গল। আইতাৰ কথাবোৰ শুনাৰ পিছত প্ৰচণ্ড খং আৰু দুখত মই কঁপি উঠিছিলো। মোৰ নীনাকো কোনোবাই প্ৰত্যাখ্যান , প্ৰতাৰণা কৰিব পাৰে !
” নীনাৰ প্ৰেমিকক যদি কেতিয়াবা লগ পাও ,মই তাক মাৰি পেলাম !” খঙত দাঁত কামুৰি মই কৈছিলোঁ। মোৰ হাতৰ মুঠিৰ তলুৱা ঘামি উঠিছিল। আইতাই অদ্ভুত দৃষ্টিৰে একেথৰে মোলৈ চাই আছিল,
” তই মাৰি পেলাব পৰাকৈ মানুহজন ইমান বেয়া নহবও পাৰে। এটা মাত্ৰ বেয়া কামে মানুহ এজনক জীয়াই থকাৰ  অযোগ্য কৰি নেপেলায়।”
আইতাৰ বুজনিলৈ ভ্ৰূক্ষেপ নকৰি মই কোকোৱাই কোঠাটোৰ পৰা ওলাই আহিছিলোঁ।
তাৰ বহুত বছৰৰ পিছতো নীনালৈ বিয়াৰ প্ৰস্তাৱ আহিয়ে আছিল। তেতিয়া আৰু আনকি এতিয়াও নীনাক দেখিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰী যেন লাগে।  ওখ ,ঋজু শৰীৰ , কঁকালৰ তললৈ বৈ পৰা দীঘল বেণী। আইতা আৰু মোৰ গাৰ ৰং ধকধকীয়া উজ্জ্বল ।মোৰ মাও গুলপীয়া পানী গোলাপৰ দৰে সুন্দৰ ৰঙৰ আছিল বুলি আইতাই কৈছিল। কিন্তু নীনাৰ গাৰ বৰণ কাজলী চেউৰীৰ মুখৰ ৰঙৰ দৰে মিঠা কোমল । তেওঁৰ চকুদুটা সৰু , ক’লা , গভীৰ। সকলো কাম নিয়মীয়াকৈ কৰে নীনাই , পুৱা খোজকাঢ়ে , সপ্তাহত চাৰিদিন ওচৰৰ যোগাভ্যাস কেন্দ্ৰটোলৈ যায়; বিয়া , মেল মিটিঙৰ তাৰিখবোৰ ডায়েৰীত লিখি থয় যাতে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ পাহৰি নাযায়। কেতিয়াও নীনাক উত্তেজিত হোৱা দেখা নাই । এদিন মই সুধিছিলো,
” তোমাৰ কিয় কেতিয়াও খং নুঠে?”
নীনা অলপ সময় মনে মনে আছিল। ফাগুনৰ বতাহজাকে খিৰিকীৰ বাহিৰৰ বটল ব্ৰাছজোপাৰ  লেহুকা ডালবোৰ জোৰত কঁপাইছিল।
” যিবোৰ মানুহে খং নকৰে, সিহঁতৰ আটাইতকৈ বেছি খং উঠে। সিহঁতে জানে, সেই দুৰন্ত ক্ৰোধ বাহিৰলৈ ওলালে প্ৰলয় হব । পৰিয়ালত , সমাজত হাঁহাকাৰ লাগিব। সেইবাবে সিহঁত নীৰৱে থাকে। সহিবলৈ শিকে।”
নীনাৰ মাতটো কঁপিছিল । এক মূহুৰ্তৰ বাবে যেন তেওঁ অস্থিৰ ,অশান্ত হৈ পৰিছিল। তাৰ পিছত তেওঁ চিৰাচৰিত শান্ত হাঁহিৰে বতাহে দোলাই থকা খিৰিকীখনৰ পালাটো বন্ধ কৰি দিছিল।
নীনাৰ লগত চেহেৰা আৰু কিছু স্বভাৱগত মিল আছিল বাবেই কিজানি মই অভীপ্সাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মিঠা ৰঙৰ ধুনীয়া ছোৱালী অভীপ্সাই নীনাৰ দৰেই অত্যন্ত কিতাপ পঢ়িছিল।জেমছ হেডলি চেজৰ পৰা খালিদ হোছেইনি লৈ , বীৰেণ ভট্টাচাৰ্য্যৰ পৰা ৰীতা চৌধুৰীলৈ সকলোৰে কিতাপ তাই পঢ়ি শেষ কৰিছিল দ্বাদশ শ্ৰেণীত থাকোতেই। একেখন চহৰৰে যদিও ইঞ্জিনিয়াৰিং কলেজৰ একেটা ডিপাৰ্টমেন্টত এডমিশ্যন লোৱাৰ পিছতহে মই তাইক প্ৰথম দেখিছিলোঁ। তাইৰ কাষ চাপি যোৱাৰ পিছত বুজিছিলো নীনাৰ লগত তাইৰ স্বভাৱৰ মিল যিমান , অমিল তাতকৈ বেছি। নীনাৰ গম্ভীৰতাৰ বিপৰীতে তাই আছিল অত্যন্ত প্ৰগলভ। কথাই কথাই খিলখিলাই হাঁহে। কম বুলি ভবা কথা চিধাই কৈ পেলায়। নীনা আৰু আমাৰ ঘৰখনৰ সকলোৰে লগত, কম সময়ৰ ভিতৰতে আত্মীয়তা গঢ়ি তোলাৰ উপৰিও তাই মোৰ দেউতাৰ লগতো সহজ সম্পৰ্ক এটাত বান্ধ খাই পৰিল। মোৰ লগত কেতিয়াবাহে দুই এষাৰ কথা পতা দেউতাই তাইলৈ নিয়মীয়াকৈ ফোন কৰা হল। এবাৰ মুম্বাইত ফুৰিবলৈ গৈ তাই তাত থকা দেউতাৰ ঘৰত এসাঁজ ৰান্ধি বাঢ়ি খাই আহিল। এদিন তাই মোক কৈছিল,
” তোমাৰ দেউতা ইমান হেণ্ডচাম , স্মাৰ্ট, হেল্ডী। নীলা আন্টিৰ লগত খুব মিলিলহেঁতেন ! তেওঁলোক দুজনৰ বিয়া হোৱা হলে আমি সকলো এটা পৰিয়াল হৈ একেলগে থাকিব পাৰিলোঁহেঁতেন ! ”
কথাটো কল্পনা কৰিয়ে আহ্লাদত তাইৰ চঞ্চল চকুদুটা নাচি উঠিছিল। আইতাই বহুত দিনৰ আগতেই মোক এইটো কথা কৈছিল। মোৰ মাৰ মৃত্যুৰ পিছত সকলোৱে বিচাৰিছিল যে দেউতা আৰু নীনাৰ বিয়া হওক। দেউতায়ো সন্মতি দিছিল। কিন্তু নীনা ৰাজী নহল। কথাটো জনাৰ পিছত নীনাক মই সুধিছিলো,
” দেউতাক তোমাৰ ভাল নালাগে ন?”
নীনাই একেথৰে মোলৈ চাই আছিল,
” দেউতাৰাই মোক বিচৰা নাছিল , বিচাৰিছিল তোমাৰ বাবে এজনী মাক। সেইবাবে তোমাক মোৰ ওচৰলৈ লৈ আনিলোঁ।”
নীনাই মোক হাতত ধৰি বুকুৰ মাজলৈ টানি নিছিল। নীনাৰ সুৰভিত শৰীৰৰ মধুৰ সাহচৰ্য্যত পমি গৈ মই তেওঁৰ প্ৰতাৰক প্ৰেমিকৰ কথা ভাবিছিলোঁ। কিমান দূৰ্ভগীয়া হলে মানুহে এনে প্ৰেয়সী হেৰুৱাব পাৰে! কিন্ত সেই প্ৰেমিকৰ  প্ৰতি কাহানিও মোৰ সহানুভূতিৰ উদয় হোৱা নাছিল। নীনাৰ একাকী জীৱনৰ বাবে দায়ী সেইজন মানুহক লগ পাই মোৰ সমস্ত ক্ষোভ তেওঁৰ ওপৰত উজাৰিবলৈ বৰ মন গৈছিল। তেওঁৰ পৰিচয় নীনাক সুধিবলৈ মোৰ সাহ হোৱা নাছিল। আইতাক বহুতবাৰ সুধিছিলো যদিও তেওঁ কোৱা নাছিল।সেইটো প্ৰসংগ ওলালেই আইতা শিলৰ মূৰ্তিৰ দৰে স্থিৰ আৰু নিৰ্বাক হৈ ৰৈছিল।
এই গোটেই প্ৰসংগটোত অভীপ্সাৰ দৃষ্টিভংগী একেবাৰে বেলেগ আছিল। এইবোৰ কথা ওলালেই তাই বৰ সহজভাৱে কৈছিল,
” হোৱাট ইজ দেয়াৰ টু বি চ’ চিৰিয়াছ এবাউট? নীলা আন্টিক প্ৰতাৰণা কৰি তেওঁৰ প্ৰেমিকে আন কাৰোবাক বিয়া কৰালে। বৰ বেয়া কথা হল। ইয়েছ ,ইট ওৱাজ বেড। কিন্তু তাৰ বাবে নীলা আন্টিয়ে কিয় গোটেই জীৱন অকলে থাকিব লাগে! লাইফ গউজ অন । উই মাষ্ট মুভ অন। ”
তাই এনেকৈ ক’লে মোৰ খং উঠে,
” নীনাক তুমি বুজি নোপোৱা। প্ৰেমৰ গভীৰতাত ডুব যোৱা , এজনক জীৱনৰ সৰ্বস্ব বুলি ভাবিব পৰা সকলোৰে বাবে সম্ভৱ নহয়!”
” তাৰমানে মই যদি তোমাক এৰি যাওঁ , তুমিও গোটেই জীৱন অকলে থাকিবা ?”
অভীপ্সাৰ ধুনীয়া চকুদুটা কৌতুকত নাচি উঠিছিল। মই একো নকৈ তাইৰ দুহাতত খামুচি ধৰিছিলো। তাই যে মোক কেতিয়াও এৰি যাব নোৱাৰে, আমাৰ জীৱন সংগীত যে আমৃত্যু একেটা সুৰ আৰু একেটা ছন্দত একেলগে বাজি থাকিব , সেই সম্পৰ্কে মই কিয় জানো ইমান নিশ্চিত আছিলো। অথচ আজি সেই গীতৰ ছন্দপতন ঘটিল। আটাইতকৈ মধুৰ যেন লগে সুৰটো এই মূহুৰ্তত আটাইতকৈ বেসুৰা যেন লাগিছে। আমাৰ প্ৰেমৰ বন্ধন ইমান থুনুকা বুলি হয়তো অভীপ্সায়ো ভবা নাছিল। হয়তো মোৰ আনুগত্যতা , আকুলতাৰ ওপৰত তাইৰ অত্যাধিক বিশ্বাস আছিল। হয়তো নীনাৰ বিফল প্ৰেম , তেওঁৰ একাকীত্বৰ যন্ত্ৰণাক লৈ মই ইমান সংবেদনশীল বুলি তাই বুজি পোৱা নাছিল।
এদিন বৰ সহজভাৱে, খুব কৌতুকেৰে , একপ্ৰকাৰ আমোদেৰেই অভীপ্সাই ক’লেহি ,
” এট লাষ্ট দ্যা মিষ্ট্ৰি ইজ চলভ্ড। নীলা আন্টিৰ প্ৰেমিক কোন গম পালোঁ। ”
তাই পুৰণি এলবাম এটা মোৰ সন্মুখত মেলি ধৰিছিল। কিছুমান সময়ে আঁচোৰ পেলোৱা ছবি। ফটোবোৰত এজনী ঋজু , দীঘল চুলিৰ ধুনীয়া ছোৱালী। নীলা। মোৰ নীনা। এতিয়াৰ নীনাৰ লগত ছবিৰ ছোৱালীজনীৰ পাৰ্থক্যটো হল ছোৱালীজনীৰ চকুৱে মুখে আছিল উচ্ছল হাঁহি। শৰীৰত আছিল প্ৰথম যৌৱনৰ পাৰভঙা আবেদন। প্ৰায় সকলোবোৰ ফটোতে নীনাৰ লগত আছিল এজন যুৱক। ব্ৰেকব্ৰাছ চুলিৰে এজন সুঠাম ডেকা মানুহ।  হাতত হাতে ধৰি সহজ অন্তৰংগতাৰে প’জ দিছিল দুয়ো কেমেৰাৰ সন্মুখত। ফটোবোৰ চালোঁ। বাৰে বাৰে চালোঁ। উত্তেজনা, বিষাদ আৰু অৱশেষত সেই চিৰাচৰিত ক্ৰোধত মই কঁপি উঠিলোঁ।
“ক’ত পালা তুমি ফটোবোৰ?”
প্ৰথমতেই সুধিবলগীয়া প্ৰশ্নটো বৰ দেৰিকৈ অভীপ্সাক সুধিলোঁ।
” মোৰ দেউতাৰ বিশ্ববিদ্যালয়ৰ এলবাম এইটো।”অভীপ্সাই কলে, ” দেউতাই তেওঁৰ চাৰ্টিফিকেটবোৰ উলিয়াওতে এইটো পাই একমনে চাই আছিল। তেওঁৰ পৰা আনি এলবামটো চাবলৈ লৈয়ে এই ফটোবোৰ পাই তোমাৰ ওচৰ পালোহি। ”
” তাৰমানে ফটোত থকা মানুহজনক আংকলে চিনি পায়!” ৰহস্য উন্মোচনৰ উত্তেজনাত মোৰ মাতটো কঁপি উঠিল।
হাহাকৈ হাঁহি উঠিল অভীপ্সাই,
” আৰে সেয়া দেখোন স্বয়ং মোৰ দেউতা! এতিয়া দেউতাৰ যি প্ৰকাণ্ড চেহেৰা, যি মস্ত পেটুৱা , ইউনিভাৰ্চিটিৰ দিনৰ এই শ্লিম ধুনীয়া চেহেৰাটো কেনেকৈ চিনি পাবা ! ”                        অভীপ্সাৰ হাঁহিৰ যেন শেষ নহব।
মই থৰ হৈ ৰৈ গলো। মোৰ সমস্ত  সপোন, আকাংখ্যা যেন সিমানতে শেষ হৈ গল ।মোৰ গোটেই জীৱনটোৱে সেই মূহুৰ্ততে যেন এটা ইউ টাৰ্ন ললে।
” মই ফটোবোৰৰ বিষয়ে দেউতাক সুধিলোঁ জানা! দেউতাৰ কি লাজকুৰীয়া হাঁহি। মোক ওৱাৰ্ন কৰিছে।এইবোৰ কাকো নেদেখুৱাবলৈ!” অভীপ্সাৰ আহ্লাদৰ অন্তই নোহোৱা হল। তাইক সেই অৱস্থাতে এৰি মই ফোফোৱাই ওলাই আহিলোঁ। মোৰ মূৰত উতলি উঠা তেজবোৰ শান্ত কৰাৰ বৰ প্ৰয়োজন আছিল।
কেবাদিনো অভীপ্সাৰ পৰা আ‍ঁতৰি থাকিলো ।ফোন অফ কৰি থলো। চিন্তা কৰিলোঁ। অভীপ্সাৰ দেউতাকক সামাজিক অনুষ্ঠানবোৰত নীনাৰ লগত দুই এষাৰ কথা পতা মই দেখিছিলোঁ। কিন্ত কোনোদিনে এনেকুৱা লগা নাছিল যে দুইজনৰ চিনাকি পুৰণি। বৰ কৌশলেৰে দুয়ো পুৰণি আত্মীয়তা লুকুৱাই ৰাখিছিল।
এইজনেই সেইজন মানুহ যি এজনী সুন্দৰী নাৰীৰ মোহত নীনাক প্ৰতাৰণা কৰিছিল। নীনাক যেতিয়াই মই তেওঁৰ প্ৰেমিকৰ বিষয়ে সুধিছিলো সদায়েই বৰ সহজভাৱে কৈছিল,
” তেওঁ যিজনী ছোৱালীৰ প্ৰেমত বলিয়া হৈছিল, সেইজনী মোতকৈ বহুত ধুনীয়া, ভাল ছোৱালী আছিল। তেওঁক মই দোষ নিদিওঁ। তেনেকুৱা অসামান্য সুন্দৰী , মৰমীয়াল গাভৰুৰ আকৰ্ষণ এৰাই চলা সহজ নহয়।”
মই অভীপ্সাৰ মাকৰ ধুনীয়া মুখখন, তেওঁৰ স্নেহময় আচৰণবোৰ মনলৈ আনিলোঁ। এই মূহুৰ্তত সেই মানুহজনীক পৃথিৱীৰ আটাইতকৈ কুৎসিৎ , কপট তিৰোতা যেন লাগিল। সেইজনী মানুহৰে কন্যা অভীপ্সা ! নীনাৰ প্ৰতাৰক প্ৰেমিকৰ সন্তান তাই। গোটেই জীৱন তাইৰ লগত কটোৱাৰ কথা ভাবি মোৰ সমগ্ৰ শৰীৰ বিতৃষ্ণাত জিকাৰ খাই উঠিল।তাইৰ উপস্থিতিয়ে , তাইৰ সাহচৰ্য্যই প্ৰতি মূহুৰ্ততে মোক সোঁৱৰাই থাকিব তাইৰ পিতৃৰ জঘন্য অপৰাধৰ কথা। মোৰ নিষ্পাপ নীনাৰ যন্ত্ৰণাৰ কথা। মই তেনেকৈ জীয়াই থাকিব নোৱাৰিম । আৰু মোৰ নিৰ্জীৱ , অপ্ৰেম অৱস্থানক লৈ অভীপ্সা কেনেকৈ সুখী হব ! তাই ভাল ছোৱালী। ইমান বেয়া জীৱন এটা তাইৰ প্ৰাপ্য নহয়।
অভীপ্সাক মোৰ সিদ্ধান্ত জনালোঁ। আঁতৰা আঁতৰিকৈ থাকিলে আমি সুখী নহম । কিন্তু জীয়াই থাকিব পাৰিম। একেলগে আমি জীয়াই থকা সম্ভৱ নহয়।  অভীপ্সা প্ৰথমতে অবাক হল । তাৰপিছত তাই ভাগি পৰিল। মোৰ সিদ্ধান্তক চ্ছাইল্ডিছ বুলি নিন্দা কৰিলে। মোক বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিলে। এসময়ত তাই ভাগৰি পৰিল। তাই বুজিলে মোক এৰিলে এই চহৰো এৰিব লাগিব । সেইবাবে তাই নিউইয়ৰ্কত থকা মাহীয়েকৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ললে। তাইৰ একাডেমিক কেৰিয়াৰ ভাল। কাজিনহঁতে চাকৰি এটা বিচাৰি লোৱাত তাইক সহায় কৰিব পাৰিব।
নীনাই কথাবোৰ দেৰিকৈ গম পালে। আমাৰ মাজৰ সকলো সিদ্ধান্ত হৈ যোৱাৰ পিছত অভীপ্সাই তেওঁলৈ ফোন কৰিছিল। কথাবোৰ শুনি নীনা স্তব্ধ হৈ গল। মোক নিজৰ ৰূমলৈ মাতি নি দুৱাৰ বন্ধ কৰি দিলে নীনাই। জীৱনত এই প্ৰথম মই নীনাক ইমান উত্তেজিত , ইমান অস্থিৰ দেখিলোঁ।
” ভুল ! ভুল! তোমালোকৰ সিদ্ধান্ত , তোমালোকৰ আচৰণ সকলো ভুল। ” নীনাৰ মাতত বিহ্বলতা । ” প্ৰথম কথা , অভীপ্সাৰ পিতৃ প্ৰমোদ মোৰ প্ৰেমিক নাছিল। কলেজীয়া দিনৰে অতি অন্তৰংগ বন্ধু আছিলোঁ আমি। আৰু হলেই জানিবা তেওঁ মোৰ প্ৰেমিক ! মোৰ অতীতে তোমালোকৰ বৰ্তমানক প্ৰভাৱ পেলোৱা উচিত নহয় ! ” বিশ্বাস অবিশ্বাসৰ দোমোজাত মই নীৰৱ হৈ ৰলো।
” প্ৰমোদ মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধু আছিল। ” নীনাই আকৌ কৈ গল,”বিশ্ববিদ্যালয় এৰাৰ পিছতে মই বেলেগ এজনৰ প্ৰেমত আকন্ঠ নিমজ্জিত হলো। প্ৰমোদ আৰু মোৰ মাজত দূৰত্ব বাঢ়িল। পিছত প্ৰমোদৰ বিয়া হৈ গল, সংসাৰ বাঢ়িল। আমাৰ মাজত সৌজন্যতাৰ সম্পৰ্ক এটাহে থাকিল”।
মই অবিশ্বাসেৰে নীনালৈ চাই থাকিলোঁ। নীনাই মোৰ সন্মুখত থিয় হৈ পোনপটীয়াকৈ মোলৈ চালে। মোৰ চকুৰ অবিশ্বাস , অনাস্থা তেওঁৰ যেন সহ্য নহল। কোকোৱাই গৈ তেওঁ লোৰ আলমাৰীটো খূলিলে। ক্লজেটটোৰ ভিতৰৰ পৰা লেফাফা এটা উলিয়ালে। মোলৈ খামটো আগবঢ়াই দি নীনাই কলে,
” ইয়াতে আছে মোৰ প্ৰেমিকৰ ছবি । মই যি কাম এইটো জীৱনত কেতিয়াও নকৰোঁ বুলি ভাবিছিলোঁ ,সেই কাম কৰিবলৈ তুমি আজি মোক বাধ্য কৰালা ”
নীনাৰ মূৰটো তললৈ হালি গল। দুটোপাল চকুপানী গালেৰে বৈ আহিল। মই আগবাঢ়ি গৈ নীনাক ধৰিব খুজিলো। দুইহাত ডাঙি মোক বাধা দিলে নীনাই,
” ফটোখন চোৱা আৰু অভীপ্সাক ঘূৰাই আনা। মনত ৰাখিবা সকলো পৰিঘটনাৰ এটা নিৰ্দিষ্ট মূহুৰ্ত থাকে। প্ৰেমৰো। এই মূহুৰ্তত যদি অভীপ্সাক আঁতৰি যাবলৈ দিয়া , পিছত বিচাৰি গলেও নাপাবা। এই মূহুৰ্তত সময়ে তোমাৰ হাতত প্ৰেমৰ অমৃত পাত্ৰ তুলি দিছে। যদি তুমি আজি এই প্ৰেমক দলিয়াই দিয়া, পিছত গোটেই জীৱন বিচাৰিলেও নোপোৱা। সময়ে তোমাৰ ওপৰত প্ৰতিশোধ লব। ”
মোক দুহাতেৰে ঠেলি নীনাই কোঠাৰ দুৱাৰখন সশব্দে বন্ধ কৰি দিলে।
মই হাতৰ ঘড়ীটোলৈ চালোঁ। এতিয়া সন্ধ্যা সাত বাজিছে মাত্ৰ । ন বজাত আছে অভীপ্সাৰ মুম্বাইৰ ফ্লাইট। পুৱতি নিশা তিনি বজাত তাই নিউয়ৰ্কলৈ উৰা মাৰিব। মোৰ হাতত এতিয়াও কিছু সময় আছে। মই অভীপ্সাক ঘূৰাই আনিম। অবিনশ্বৰ ,অনন্ত ,ব্যাপ্ত সময়ে এই মূহুৰ্তত মোৰ হাতত তুলি দিছে মোৰ প্ৰেম , মোৰ অভীপ্সা। সেয়া হেৰুৱাই মই গোটেই জীৱন হাঁহাকাৰ কৰিব নোখোজো। দ্ৰুত খোজেৰে গৈ মই গাড়ীৰ ড্ৰাইভিং ছিটত বহিলো। পকেটৰ মোবাইলটো বাজি উঠিল। মই আশা কৰিছিলোঁ ফোনকলটো অভীপ্সাৰ হওক। কিন্ত নহয়। স্ক্ৰিনত জিলিকি আছিল মোৰ দেউতাৰ নাম্বাৰ। তেওঁ মোক কিছু সময়ৰ বাবে তেওঁৰ ওচৰলৈ মাতিছে। দেউতা আজিকালি এইখন চহৰতে থাকে। টিলা এটাৰ ওপৰত ছবিৰ দৰে ধুনীয়া এটা ঘৰ সজালে তেওঁ। চাকৰিৰ পৰা স্বেস্বাই অৱসৰ লৈ তেওঁ এটা ব্যৱসায় আৰম্ভ কৰিছে।
এই সময়ত দেউতাক লগ কৰা , তেওঁৰ লগত কথা পতাৰ ইচ্ছা মোৰ মুঠেই নাছিল। মোৰ উৎকন্ঠিত হৃদয় , মনত কেৱল অভীপ্সা বিৰাজমান আছিল । কিন্ত তেওঁ হয়তো অভীপ্সাৰ কথাই কবলৈ মাতিছে। হয়তো অভীপ্সাই তেওঁক আমাৰ কথাবোৰ কৈছে। অনিচ্ছা সত্বেও মই গাড়ী তেওঁৰ ঘৰৰ ফালে ঘূৰালো।
সুৰুচিপূৰ্ণ বিশাল দ্ৰয়িং ৰূমটোত দেউতা বহি আছিল। ৰাতি শোৱাৰ সময়ৰ বাহিৰে আন সকলো সময়ত তেওঁ ফৰ্মেল পোছাক পিন্ধে। আজিও তেওঁ পিন্ধি আছিল ডিঙিলৈকে বন্ধ ডাঠ নীলা চাৰ্ট আৰু ধোঁৱা ৰঙৰ ট্ৰাউজাৰ্চ । সন্মুখৰ পানীয়ৰ গ্লাছত ওপঙি আছিল বৰফৰ টুকুৰা। তেওঁ মোক কিবা খাম নেকি সুধিলে। মই একো নকৈ হাতৰ ঘড়ীলৈ চালো। তেওঁ হাতত গ্লাছটো লৈ ফ্ৰেন্স উইণ্ড’ খনৰ কাষত থিয় হলগৈ। দূৰত জিলিকি থকা পথটোৰ ভাসমান গাড়ীৰ আলোকউজ্জ্বল মিছিলটোলৈ একমনে চাই ৰল।
” আজি আবেলি অভীপ্সা আহিছিল। তাই ভাল ছোৱালী। তাই কষ্ট পোৱা বাবে মই বেয়া পাইছো।”
কথাখিনি কৈ তেওঁ ৰল। যেন আৰু কিবা কবলৈ উপযুক্ত শব্দ বিচাৰি ফুৰিছে। হঠাতে তেওঁ আহি মোৰ মুখামুখিকৈ থিয় হল,
” আমাৰ জীৱনবোৰ আচলতে কিছুমান মূহুৰ্তৰ সমষ্টি। এটা এটা মূহুৰ্তৰ শুদ্ধ বা অশুদ্ধ সিদ্ধান্তই নিৰ্মাণ কৰে জীৱনৰ সফলতা বা বিফলতা। ”
তেওঁ কোঠাটোৰ কেওফালে চালে,” মেটেৰিয়েল প্ৰচপাৰিটি যিকোনো সময়তে যেতিয়াই তেতিয়াই আহৰণ কৰিব পাৰি। কিন্তু সম্বন্ধবোৰ ভাগি গলে আকৌ গঢ়িব নোৱাৰি। সকলোৰে সময় ঠিক কৰি থোৱা ঘড়ী এটা আছে । জীৱন পৰিক্ৰমাৰ।  প্ৰেমৰো। নিৰ্দিষ্ট সময়টো মিছ কৰিলে ঘূৰাই পোৱা অসম্ভৱ হৈ পৰে” ।
তেওঁৰ মাতটো অস্থিৰ ।মই হাতঘড়ীটোলৈ চাই যাবলৈ উঠিলোঁ।
আগফালৰ পৰ্চত থিয় হৈ দেউতালৈ এবাৰ ঘূৰি চালোঁ। তেওঁৰ স্বাস্থ্যবান সুঠাম অবয়বটো বৰ বিষন্ন যেন লাগিল। তেওঁ কোৱা কথাবোৰত নীনাৰ শব্দবোৰেই যেন অনুৰণিত হৈছিল। মই আচৰিত নহলো। নীনাই দিয়া ফটোখন পকেটৰপৰা উলিয়াই আকৌ এবাৰ চালোঁ। ফটোত সেয়া আছিল ডেকাবয়সৰ দেউতা। প্ৰেমৰ ঘড়ীৰ বিশেষ সময়টো মিছ কৰি গোটেই জীৱন হাঁহাকাৰ কৰি কটোৱা এজন পৰাজিত প্ৰেমিক।

Previous articleOde To A Poetess Magazine
Next articleA Hopeful Survivor
Ode to a Poetess came into being during the lockdown. It's during the brimming rains of August when I felt the necessity that we, women need our very own platform where we can share our thoughts in literature, as is,unaltered. This is a only women portal that welcomes all format of literature, art and celebrates it's creator, the woman who's unique, who is art herself! _Monroe Gogoi Phukan Founder of Ode to a Poetess.

LEAVE A REPLY

Please enter your comment!
Please enter your name here