বনৰীয়া by Priyakshi Priyodarshini

0
112

আইনা এখন এদিন আহি মোৰ সমুখত থিয় হ’ল

আইনাখনে হাত মেলি মোৰ গাৰ পৰা প্ৰথম আৱৰণটো খুলিলে

আইনাই ক’লে:

চাওঁ, মই তোমাক নাঙঠকৈ চাব খোজোঁ

ফেৰেকাফেৰেক খোজেৰে মই গৈ হাত ওপৰ কৰিলোঁ

শৰীৰৰ তৰপা তৰপ মাংস খহাই

হেতুলুকা চৰাই এটা হৈ পৰিলোঁ

মই আঁ কৈ মুখ মেলোতে

আইনাখনে এটা হাতেৰে মোক লিকলিকাই দিলে

মই খিলখিলাই হাঁহিলোঁ।

আনখন হাতেৰে শুং হৈ চুমিলে

মই নদী এখনৰ কাষলৈ উৰা মাৰিলোঁ

আইনাখন মোৰ লগে লগে গ’ল

নদীৰ পানী চেলেকোতে মোৰ শৰীৰত লাগিল ঋতুৰ উত্তাপ

তুলতুলীয়া পকা বগৰী এটা আইনাখনে মোলৈ আগবঢ়াই দিলে

মই এটুকুৰা কামুৰি খালোঁ:

মিঠা মিঠা!

খাই পেলাই দিয়া বগৰীটো আইনাখনে তপককৈ মুখত ভৰালে

“কোনফালে সোমালে তোমাত জাহ যাব পাৰিম?”

-মই ডেওকা কোবাই সুধিলোঁ

ফাগুনী বতাহে ফাঁক এটা কৰি মেলি দিলে বাট

সাৱটা সাৱট নিশাহবোৰে ফুচফুচাই কৈছিল:

গছজোপাত আমে মলিয়াইছে।

Previous articleবাট by Priyakshi Priyodarshini
Next articleWoman’s Day Out by Farnaaz Islam
Ode to a Poetess came into being during the lockdown. It's during the brimming rains of August when I felt the necessity that we, women need our very own platform where we can share our thoughts in literature, as is,unaltered. This is a only women portal that welcomes all format of literature, art and celebrates it's creator, the woman who's unique, who is art herself! _Monroe Gogoi Phukan Founder of Ode to a Poetess.

LEAVE A REPLY

Please enter your comment!
Please enter your name here