বিয়াত লগত অনা ছনদুকটোৰ ভিতৰত বৰ জতনেৰে থোৱা কাঁহৰ কাঁহী, বান বাতি, শৰাই কেইখন ধোৱলৈ আজি উলিয়ায় ললো।
মেখেলাখন কঁকালত আঁত মাৰি গুজি ললো।
বাচন ধোবা নিদিষ্ট ঠাই দশকত আসন গ্ৰহণ কৰিলোঁ।
“কাঁহৰ বাচন নেমু বা তেতেলীৰে ঘহী-ঘহী ধুবি, একেবাৰে সোণৰ দৰে জিলিকি উঠিব”… “মা”যে শিকাই কয়ছিল।
বাৰু, বাচন খিনি ধুই থাকোঁতে লক্ষ কৰিলো প্ৰত্যেকটো কাঁহৰ কাঁহী, বাণ বাতি,শৰাই কেইখনৰ ওপৰত ” ৰঙা ৰঙৰ” নখ-পালিচত “মা”ৰ বুঢ়া আঙুলিৰে চীন কৰা আছে।
দেখি বৰ আবেগিক হৈ পৰিলো, সথাত “মা”ৰ কোৱা আৰু এটা কথা মনত পৰি গল…
“অসমীয়া সমাজত সকামৰ বৰ মহত্ব আছে। গাঁৱৰ ওচৰ চুবুৰীয়াৰ সকাম পাতিলে, নোহোৱা ৱা কম পৰি জোৱা বাচণৰ পৰা আদি কৰি সকলো কৰ্ম একেলগে কৰা হয়। বোলে “ভকত সন্তুষ্ট হোৱাত মানে ভগৱন্ত সন্তুষ্ট হয়”।
সেয়ে তয়ো ঘৰৰ বাহিৰে ওচৰ চুবুৰীয়া ঘৰত সকামে-নিকামে প্ৰয়োগ অনুসৰি
কাঁহৰ বাচন দিবলৈ কতিয়াও সংকোচ নকৰিবি।
আৰু সকামখণ ভগা পিছত এ “ৰঙা বুঢ়া আঙুলিৰ ফুটোএ তোৰ “চিনাক্ত ছিন্ন ” হৱ, “বোলে আমোকৰ ঘৰৰ কাঁহৰ কাঁহী, বান বাতি বা শৰাই এখন…”
এপৰ কথাৰ সুতুলি বজাই, বাস্তৱত উপস্থিত হলোহি।
চহৰৰ সমৃদ্ধ সমাজ এখনত জোট জীবনৰ অন্তহীন ব্যস্ততাত এজনে আনক মাত খাৰ দিবলৈ সংকোচ কৰে।
“Time is Money and Money is Time” কথাটোৱে জীবনৰ সহজতাক ভাভুকী দি জীয়াই থকা বৰ জটিল কৰি পেলায়ছে। মানৱ চেতনা, দয়া, আত্মীয়তাবোৰ জেন অতি বেগে ছিন্ন সব ধৰিছে।
কথাবোৰ আৰু ৱিলেখন কৰোঁ মানে গিৰিকে “মা” বুলি মাতিলে। মূৰতো তাৰ ফলে ঘোঁৰাই দেখিলো গিৰিকৰ কনমাণি হাত দুখন,
“এতো কি কৰিলো?” মই সুধাত গিৰিকে ওটৰ দিয়ে…
” মা, মই ৰঙ লগাইছো”
“কি ৰঙ” মই আকৌ সুধিলোঁ
” মা! ৰঙা ৰঙ!”
Photo courtesy: Muga Silk Page