ক্ৰন্দন by Smrityrekha Bhattacharyya

0
132

ষ্ট্ৰীট লাইটৰ পোহৰত চহৰখনৰ  মাজমজিয়া ফটফটীয়া জোনাক যেন হৈ পৰিল কৃত্ৰিম জোনাকক কুঁৱলীয়ে নিমিষতে গিলি পেলালহিশীতে ব্যস্ত জনতাক আজি ঘৰৰ ভিতৰত আৱদ্ধ কৰিবলৈ আজি সক্ষম হৈ উঠিলঘৰে লাইটবোৰ জ্বলি উঠিছে, নুমাই পৰিছেঅতদেৰি ভয়ত পেপুৱা লাগি শুই থকা বাটৰ চুৱাচেলেকা কেইটাৰ গাত যেন সকাহ ঘূৰি আহিলভৌ ভৌভুকনিৰে নিজৰ উমান সকলোকে দিবলৈ ধৰিলেদূৰৰপৰা ভাঁহি অহা গানৰ কলিটো লাহে লাহে স্পষ্ট হৈ পৰিল —“মূঝে পিনে কা চখ নেহী পিতা হূ গম ভুলানে কৌ—” ৰহিমৰ টেটুফলা গানে শুই থকা পথটোক জগাই তুলিলেহাতত থকা সৰু বটলটোৰ সৈতে সি আহি জাবৰৰ মটোৰ কাষত থিয়  
“ঐ
খা খা অমীৰৰ ঘৰৰ তেল মচলাৰ সোৱাদেৰে ভৰামৰম দয়া নথকা খানাচাল্লা ভিকহু –“(কুকুৰকেইটাক চাই)ভুৰভুৰাই উঠিল ৰহিমকিন্তু আজি যে তাৰ অবাক হোৱাৰ সময়! সদায় তালৈ চোচা লোৱা কুকুৰ কেইটাই তাক দেখি আজি কেৰাহিকৈও চোৱা নাইকি বিচাৰি পাইছে সিঁহতে আজি জাবৰৰ মটোত?ৰহিম আগুৱাই জাবৰৰ মটোৰ কাষেৰেমূখৰ ভিতৰতে সি ভোৰভোৰাই –“চাল্লা অমীৰৰ জাত তঁহতি কি বুজিবিভোক কি পেটৰ দৰদ কিপাটি কৰিবিখানাৰ দোকান দিবিআৰু নোখোৱাবোৰ দলিয়াবি—”
হঠাৎ ভাঁহি আহিল শব্দটো,সি তাৰ আউলবাউল চুলিবোৰ খজুৱাই ইফালেসিফালে চাবলৈ ধৰিলেসি উমান লৈ আগুৱাই জাবৰৰ মটোৰ কাষলৈমটোৰ যিমানে কাষ চাপিল তাৰ কাণত স্পষ্ট হৈ পৰিছে শব্দটো—“হায় আল্লাতাৰ মূখৰপৰা ওলোৱা শব্দ দুটাই বতাহত ভাঁহিবলৈ ধৰিলেগাৰ নোম সিঁয়ৰি যোৱা এটা দৃশ্যসি চকু দুটা ঢাকি ধৰিলেতাৰ আৰু বুজিবলৈ বাকী নাথাকিল চুৱাচেলেকাকেইটাই কিয় আজি তাক ভুকা নাছিলসি দেখিলে সিহঁতে কেনেকৈ মানৱ শিশুটোৰ মঙহবোৰ চেদেলিভেদেলিকৈ খাবলৈ ধৰিছেতাৰ মূৰটো আচন্দ্ৰাই উঠিল

 “ওহ আৰু নোৱাৰি চাব —” কিন্তু সৌটো কি? কিহে লৰচৰাই আছে? সি এখোজ আগুৱাই কাপোৰৰ টোপোলাটোত এইটো কি?ৰহিমক হাজাৰটা প্ৰশ্নই খুন্দা মাৰিলেউৎকণ্ঠাক হাতৰ মুঠিত লৈ সি টোপোলাটো খুলি ধৰিলেইয়া আল্লা”—কি দেখালা তুমি মোক? নিঠৰ চকুকেইটাৰে মৃত্যুৰ ক্ষণ গণি থকা কণমানিজনী  হাতত তুলি তাৰ চকু সেমেকি উঠিলসি আন্ধাৰৰ মাজতে চিঞৰিবলৈ ধৰিলে –“ৰেহম আল্লা ৰেহম কৰা ,তহঁতি কি ’—অন্তৰত কিয় শিল বান্ধিলিকিয় এবাৰো নেদেখাজনলৈ ভয় নকৰিলি??—”

চিঞৰি চিঞৰিয়েই ঢলংপলংকৈ এহাতে কনমানিজনীক লৈ সি লাহে লাহে নাইকিয়া হৈ পৰিল অন্ধকাৰৰ মাজতপথৰ ষ্ট্ৰীট লাইটবোৰ এটাৰ পিছত এটাকৈ নুমাই শুই পৰিল সমাজৰ অমানৱীয়তা ,নিষ্ঠুৰতাক মাজত লৈলাহে লাহে নিজম হৈ পৰিল সকলো পৰি কেৱল গাভিনী সাপৰ দৰে লা পথটো আৰু ৰহস্যৰে আৱৰা সেই জাবৰৰ মকেইটা। 

(সমাপ্ত)১/৮/২০২০

Previous articleParismita Gogoi
Next articleOde To A Whore by Dr. Mamoni Raisom Goswami
Ode to a Poetess came into being during the lockdown. It's during the brimming rains of August when I felt the necessity that we, women need our very own platform where we can share our thoughts in literature, as is,unaltered. This is a only women portal that welcomes all format of literature, art and celebrates it's creator, the woman who's unique, who is art herself! _Monroe Gogoi Phukan Founder of Ode to a Poetess.

LEAVE A REPLY

Please enter your comment!
Please enter your name here